অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) ৰ অধীনত ১০ লাখ গৃহৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিশত

আজি 21/04/2023,

অসমৰ মাননীয় মন্ত্ৰী,

ৰঞ্জিত কুমাৰ দাসে

Minister of Panchayat & Rural Development, Food & Civil Supplies, and Consumer Affairs goverment of Assam

তেওঁ সামাজিক মাধ্যম যোগে ঘোষণা কৰে অসমত অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) ৰ অধীনত ১০ লাখ গৃহৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিশত।

Ranjeet Kumar Das এ এনেদৰে সামাজিক মাধ্যমত মন্তব্য কৰিছে। গ্ৰামীণ অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) ৰ অধীনত ১০ লাখ গৃহৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিশত, কিমান সম্পূৰ্ণ হল কাম সেইটো সম্পৰ্কে মন্ত্ৰী গৰাকীয়ে দিয়া মন্তব্য জনাটো অসমৰ জনসাধাৰন কাৰণে উচিত। চৰকাৰী সকলো কাম বা আঁচনিৰ বিষয়ে জনাটো জনগণৰ অধিকাৰ আছে।

সুপ্ৰভাত

GoodMorning

সকলোকে সুপ্ৰভাত জনাই এটি নতুন দিনলৈ স্বাগতম জনাইছোঁ ৷ সকলো কুশলে থাকক, মঙ্গল হওক সকলোৰে ৷ আজিৰ দিনটো সকলোৰে শুভ হওক ৷

অতি গৌৰৱেৰে আপোনালোকক জনাব বিচাৰিছোঁ যে, অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) ৰ অধীনত গৃহ নিৰ্মাণ হোৱা পৰিসংখ্যা অতি সোনকালেই ১০ লাখ স্পৰ্শ কৰিব ৷ কালিলৈকে নিৰ্মাণ সম্পূৰ্ণ হোৱা মুঠ গৃহৰ পৰিমাণ হৈছে – ৯,৯০,৭৬২ টা ৷ আমি মুঠ ১৯ লাখ গৃহ নিৰ্মাণৰ বাবে পুঁজিৰ আৱণ্টন লাভ কৰিছিলোঁ ৷ বাকী ৯ লাখ গৃহও নিৰ্মীয়মান অৱস্থাত আছে আৰু পৰ্যায়ক্ৰমে সেইখিনিও অতি সোনকালেই সম্পূৰ্ণ হ’ব ৷

উল্লেখ্য যে, মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাৰ্গদৰ্শন আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সমূহ বিষয়া-কৰ্মচাৰীৰ সক্ৰিয়তাত যোৱা ২৩ মাহত ৫,৮৬,৪৫৪ টা গৃহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছে ৷

Himanta Biswa Sarma

Sourch: https://www.facebook.com/RanjeetkrDass?mibextid=ZbWKwL

Leave a Reply

Your email address will not be published. Required fields are marked *