জাপানৰ এখন ক্ষুদ্ৰ চহৰত এবছৰত ৪৫২ ইউএফঅ’ৰ বিচৰণ

বহি:বিশ্বৰ প্ৰাণীৰ গৃহ লিন’ মাছি

জাপানৰ এখন ক্ষুদ্ৰ চহৰত এবছৰত ৪৫২ ইউএফঅ’ৰ বিচৰণ

৫ হাজাৰতকৈ কম বাসিন্দাৰ চহৰখনত মহাকাশৰ আশ্চৰ্যজনক ঘটনা

পৃথিৱীৰ বাহিৰত প্ৰাণীৰ অস্তিত্বক লৈ সাধাৰণজনৰ সমানেই বিজ্ঞানীসকলো উৎসুক হৈ আহিছে। বহিঃবিশ্বৰ প্ৰাণী তথা এলিয়েনৰ অস্তিত্বক লৈ বিজ্ঞানী- গৱেষকসকলে এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চয়তা প্ৰদান কৰিব পৰা নাই যদিও মহাকাশত সন্দেহজনক সামগ্ৰীৰ স্থিতিয়ে বহিঃবিশ্বৰ প্ৰাণীৰ অস্তিত্বক সজীৱ কৰি তোলে। পৃথিৱীৰ প্রান্তে প্রান্তে ইউএফঅ’ৰ বিচৰণে বহিঃবিশ্বৰ প্ৰাণীৰ অস্তিত্বক সবল কৰি তোলে। বহিঃবিশ্বৰ প্ৰাণীয়ে ইউএফঅ’ৰ দ্বাৰা মহাকাশত বিচৰণ কৰাও চৰ্চাৰ বিষয় হৈ আহিছে। জাপানৰ এখন ক্ষুদ্র চহৰ। এই চহৰখনক বহিঃবিশ্বৰ প্ৰাণীৰ গৃহ বুলি জনা যায়। অর্থাৎ হ’ম অৱ এলিয়েঞ্চ জাপানৰ এখন ক্ষুদ্ৰ চহৰ। 

৫ হাজাৰতকৈ কম বাসিন্দাৰ চহৰখনত মহাকাশৰ আশ্চৰ্যজনক ঘটনা

দেশখনৰ ফুকুছিমা জিলাত অৱস্থিত এই ক্ষুদ্ৰ চহৰখনৰ নাম হৈছে লিন’-মাছি। এই চহৰখনত বহিঃবিশ্বৰ প্ৰাণীৰ অস্তিত্বক লৈ এতিয়া বিজ্ঞানীসকলে নতুনকৈ গৱেষণা-অনুসন্ধান আৰম্ভ কৰিছে। কিয়নো এবছৰতেই এই ক্ষুদ্ৰ চহৰখনত ৪৫২ ইউএফঅই আকাশত বিচৰণ কৰাই নহয়, কিছুসংখ্যক ইউএফঅ’ আহি ভূমিত বিধ্বস্তও হৈছিল। ইউএফঅ’ৰ আলোকত চহৰখন আলোকিত হৈ থাকে। ৫ হাজাৰতকৈ কম বাসিন্দাৰ চহৰখনত ইউএফঅ’ৰ স্থিতিয়ে আলোকিত কৰি থকাৰ সমান্তৰালকৈ মহাকাশৰ অনেক কার্যকলাপো প্রত্যক্ষ কৰা হয়। বাসিন্দাসকলে ইউএফঅ’ক লৈ উৎসুকতা প্ৰকাশ কৰাৰ লগতে বহিঃবিশ্বৰ প্ৰাণীৰ অস্তিত্বৰ প্ৰতিও বিশ্বাসী হৈ উঠিছে। বাসিন্দাসকলে বহিঃবিশ্বৰ প্ৰাণীক আদৰি আনিবলৈ আনকি আকাশ নিৰীক্ষণ স্তম্ভ স্থাপন কৰাৰ লগতে বহিঃবিশ্বৰ প্ৰাণীৰ প্ৰতিকৃতিৰে গৃহও সাজিছে।

 লিন’- মাছিক পর্যটন খণ্ডৰ আকৰ্ষণীয় স্থান হিচাপে গঢ়ি তুলিবলৈ ইউএফঅ’ ফুৰেনাই কান মিউজিয়াম স্থাপন কৰিছে। ইয়াত এলিয়েন সম্পৰ্কীয় তথা ইউএফঅ’ সম্পৰ্কীয় বিভিন্ন তথ্যপাতি সংগ্ৰহ কৰি ৰখা হৈছে। চৰ্চা মতে, বহিঃবিশ্বৰ প্ৰাণীৰ প্ৰতি যদি কোনোৱে বিশ্বাস কৰে, তেতিয়াহ’লে লিন’-মাছি হ’ব পাৰে তেনে লোকৰ বাবে অতি উত্তম স্থান। ইউএফঅ’ৰ লগত বহিঃবিশ্বৰ সম্পর্ক থকা বুলি বিশ্বৰ প্ৰসিদ্ধ মহাকাশ প্রতিষ্ঠানসমূহে সম্পূর্ণকৈ মানি লোৱা নাই যদিও ইউএফআ’ক লৈ তেওঁলোকৰ স্থিতি নেতিবাচকো হাতাশ অর্থাৎ ইউএফঅ’ৰ লগত বহিঃবিশ্বৰ প্ৰাণীৰ সম্পৰ্ক থাকিব পাৰে বুলিও চৰ্চা হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *