মণিপুৰত আকাশ মাগেদি টহল সেনাৰ

উত্তেজনা বিয়পোৱাত জুড়িত উগ্ৰপন্থী, ম্যানমাৰৰ সীমান্তত সেনাৰ অৱস্থান ৷ কেন্দ্ৰই প্ৰেৰণ কৰিলে নিৰাপত্তাৰক্ষীৰ অতিৰিক্ত ২০ কোম্পানী ৷ নিয়ন্ত্ৰণলৈ অহা নাই পৰিস্থিতি

মণিপুৰত আকাশ মাগেদি টহল সেনাৰ

Five fighters flying at sunset

ব্যাপক নিৰাপত্তাৰ মাজত তিনি ঘণ্টাৰ বাবে – সান্ধ্য আইন শিথিল সর্বদলীয় বৈঠক সিঙৰ | 

Assam News: প্রশমিত হোৱা নাই মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ । ৰাজ্যখনৰ ৰাজধানী চহৰ ইম্ফলকে ধৰি বিভিন্ন প্রান্তত অব্যাহত থকা উত্তেজনাময় পৰিস্থিতিৰ মাজতে এই সমগ্ৰ ঘটনাৰ আৰত উগ্ৰপন্থী সংগঠনৰ প্ৰৰোচনা জড়িত থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে। বৃহৎ সংখ্যক সেনা, আছাম ৰাইফলছ আৰু চিত্ৰৰপিএফৰ জোৱান নিয়োগৰ পাছতো ৰাজ্যখনত শাস্তি স্থাপন সম্ভব নোহোৱাত স্পর্শকাতৰ অঞ্চলসমূহত এতিয়াৰে পৰা মানৱবিহীন ড্ৰ’ণৰে নিৰীক্ষণ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। একে সময়তে মণিপুৰ-ম্যানমাৰ সীমান্তত সেনা বাহিনীত অধিক সষ্টম থাকিবলৈ নিৰ্দেশ দিয়া হৈছে যাতে বহিঃৰাষ্ট্রৰ পৰা অহা কোনো উগ্ৰপন্থী সংগঠনৰ সদস্যই ৰাজ্যখনৰ পৰিস্থিতিৰ আৰু অধিক অৱনতি ঘটাব নোৱাৰে। উল্লেখ্য যে আজি তিনি ঘণ্টাৰ বাবে ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাত শিথিল কৰা হয় সান্ধ্য আইন। মূলতঃ অঞ্চলটোৰ লোকসকলে যাতে প্রয়োজনীয় খাদ্য সামগ্রী সংগ্ৰহ কৰিব পাৰে তাৰ বাবে প্রশাসনে ব্যাপক নিরাপত্তা ব্যৱস্থাৰ মাজত তিনি ঘণ্টাৰ বাবে শিখিল কৰে সান্ধ্য আইন। যোৱা বুধবাৰণ পৰা আৰম্ভ হোৱা এই হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত বৃহৎ অঞ্চলত আজিও বন্ধ ৰখা হৈছে ইন্টাৰনেট সেৱা। ইফালে, ইম্ফল, চুৰাচান্দপুৰকে ধৰি সৰ্বাধিক স্পৰ্শকাতৰ অঞ্চলসমূহত আজি সেনা আৰু অসম ৰাইফলহৰ জোৱানে বৃদ্ধি কৰিছে টহল ব্যবস্থা। উল্লেখ্য যে সেনা বাহিনীয়ে আজি এক বিবৃতিৰ জৰিয়তে জনাইছে যে ৰাজ্যখনৰ সংঘৰ্ষত কৰি অঞ্চলসমূহত অভিযান চলাই সেনা বাহিনীয়ে এই পর্যন্ত ২৩ হেজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে।

সেনা বাহিনীৰ এক সুত্ৰই আজি সদৰী কৰা মতে, মণিপুৰৰ উপত্যকা অঞ্চলত আত্মগোপন কৰি থকা কেইটামান বিদ্রোহী সংগঠনৰ সদস্যই ৰাজ্যখনত শাস্তি প্রতিষ্ঠাত প্ৰধান অন্তৰায় হৈ পৰিছে। সেইবাবে মণিপুৰলৈ শাস্তি ওভতাই অনাৰ স্বাৰ্থত উগ্ৰপন্থী সংগঠনসমূহৰ গতিবিধিৰ ওপৰত দৃষ্টি ৰাখিবলৈ সেনা বাহিনীয়ে কৌশল গ্ৰহণ কৰিছে। সুত্ৰটোৰ মতে, ৰাজ্যখনৰ উপত্যকা অঞ্চলসমূহ পাহাৰেৰে ঘেৰি থকাৰ বাবে সেই স্থানসমূহত স্থলপথেৰে উগ্ৰপন্থীৰ চলন ফুৰণ নজৰত ৰখাটো সম্ভবপৰ নহয়। সেইবাবে এনে অঞ্চলসমূহত ড্ৰ’ণৰে নজৰ দিবলৈ সিদ্ধান্ত লোৱা হৈছে। প্রসংগত উল্লেখ্য যে মণিপুৰত এই পর্যন্ত প্রায় ৫৪ জন লোকৰ মৃত্যু ঘটিছে। প্ৰকৃততে ৰাজ্যখনৰ সংখ্যাগৰিষ্ঠ মেইতে সম্প্রদায়ে অনুসূচিত জনজাতিৰ মৰ্যাদা বিচাৰি অব্যাহত ৰখা আন্দোলনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে হিংসাত্মক পৰিস্থিতিৰ। মেইতে সম্প্রদায়ক একটি মর্যাদা দিয়াৰ বিৰুদ্ধে মণিপুৰী ছাত্ৰ সংগঠন ‘অল ট্রাইবেল স্টুডেন্ট ইউনিয়ন অব মণিপুৰাৰ উদ্যোগত যোৱা বুধবাৰে এটা সমদল উলিওৱা হৈছিল। সেই সময়তে দুয়ো পক্ষৰ মাজত আৰম্ভ হোৱা সংঘাতৰ ঘটনাই ক্রমশঃ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সম্প্ৰতি নিয়মুণৰ বাহিৰলৈ যোৱা মণিপুৰৰ পৰিস্থিতি ইমানেই উত্তেজনাময় হৈ পৰিছে যে প্ৰতিবাদকাৰীসকলে আনকি বহু লোকৰ ঘৰ-বাৰীতো অগ্নিসংযোগ কৰিছে। বহু লোকে প্ৰাণৰ ভয়ত অসমকে ধৰি বিভিন্ন নিরাপদ স্থানলৈ রানা ।

সর্বদলীয় বৈঠক পাতি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ

সেনা-অৰ্ধসামৰিক বাহিনীয়েও পরিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাত আজি মণিপুৰৰ স্পৰ্শকাতৰ অঞ্চলসমূহত সেনা বাহিনীয়ে ভাগৰ লগতে হেলিকপ্টাৰ উৰুৱাই পৰিস্থিতিৰ নিৰীক্ষণ করে। ইফালে, মুখ্যমন্ত্রী এন বীৰেণ সিতে কালি সন্ধিয়া এখন সর্বদলীয় বৈঠকত মিলিত হৈ সকলো ৰাজনৈতিক দলকে এই মুহূৰ্তত শান্তিৰ পৰিবেশ ওভতাই অনাৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।

 মুখ্যমন্ত্ৰীয়ে জ্যেষ্ঠ চৰকাৰী বিষয়া, আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ শীৰ্ষ বিষয়াসকলৰ স’তে ভিডিঅ’ কনফাৰেন্স কৰিও পৰিস্থিতিৰ বুজ লয়। ৰাজ্যখনৰ বিভিন্ন সামাজিক সংগঠনৰ মুৰব্বীসকলৰ স’তেও আলোচনাত বহি মুখ্যমন্ত্ৰীয়ে পৰিস্থিতি শান্ত কৰাৰ বাবে সকলো পক্ষকে আন্তৰিকতাৰে কাম কৰিবলৈ আহ্বান জনায়। এই বৈঠকতে নেইতে আৰু ঝুঁকি সম্প্ৰদায়ৰ সংগঠনৰ প্ৰতিনিধিসকলে বিভিন্ন স্থানত আবদ্ধ লোকসকলক নিৰাপদে নিজৰ নিজৰ গন্তব্য স্কুললৈ যোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। 

উল্লেখ্য যে ৰাজ্যখনত সম্প্ৰতি সুৰক্ষা বাহিনীৰ ১৪ টা কোম্পানী নিয়োগ কৰা হৈছে যদিও কেন্দ্ৰীয় চৰকাৰে আজি অতিৰিক্তভাৱে পুনৰ ২০ টা কোম্পানী মণিপুৰলৈ প্ৰেথণ কৰিছে। একে সময়তে ৰাজ্যখনত পূৰ্বৰে পৰা নিয়োজিত হৈ থকা সেনা আৰু আছাম ৰাইফলছৰ যোৱানে উদ্ধাৰ অভিযানৰ সমান্তৰালকৈ চেগ মাৰ্চ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলে তৎপৰ ভূমিকা গ্ৰহণ কৰিছে। ইতিপূৰ্বে প্রতিবাদকাৰীক দেখিলেই গুলীওৱাৰ নিৰ্দেশ দিয়াৰ পাছৰে পৰা ৰাজ্যখনত সেনা আৰক্ষীৰ অনুপস্থিতিৰ সুযোগ লৈ দুস্কৃতিকাৰীয়ে আক্ৰমণৰ দৰে ঘটনা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *