দেশৰ বৃহৎ ৰাজ্যক পিছ পেলাই GST সংগ্ৰহত অসমে গঢ়িলে অভিলেখ

জি এছ টি বৃদ্ধিৰ হাৰ ১৬ শতাংশ বৃদ্ধিৰ বিপৰীতে বিহাৰে ১১ শতাংশ, পশ্চিমবংগই ১৪ শতাংশ, ওড়িষা তিনি শতাংশ, গুজৰাটে চাৰি শতাংশ, কেৰালাই ১২ শতাংশ, তেলেংগানাই ১৩ শতাংশ, অন্ধ্রপ্রদেশে ৬ শতাংশ বৃদ্ধিতেই থমকি ৰ’ল।

বৃহৎ ৰাজ্যক চেৰ পেলাই জিএছটি সংগ্রহত অসমে গঢ়িলে অভিলেখ

জি এছ টি সংগ্ৰহৰ ক্ষেত্ৰত বৃহত ৰাজ্যক সহজেই চেৰ পেলাই স্থাপন কৰিবলৈ সক্ষম হৈছে অসনে ৰাষ্ট্ৰীয় হাৰৰ প্ৰায় সমানে অ সংগ্ৰহ কৰিছে জি এছ টি। আজি নি মন্ত্রালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি অসমে ২০২২ চনৰ তুলনা ২০২০ চনৰ এপ্ৰিল ম ১৫ শতাংশ বৃদ্ধিৰে ১৫১০ কোটি টকাৰ জি এছ টি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। বিগত বৰ্ষৰ এই একেটা মাহতে অসমে সংগ্ৰহ কৰা জি এছ টিৰ পৰিমাণ আছিল ১৩১৩ কোটি টকা। ইয়াৰ বিপৰীতে বৃহৎ বৃহৎ ৰাজ্য বিহাৰ, ৰাজস্থান, পশ্চিমবংগ, ওড়িয়া, গুজৰাট, কেৰালা, তেলেংগানা, অন্ধ প্রদেশ, চণ্ডীগড়, দিল্লী আদিও বহু পিছপৰি আছে।

বিত্ত মন্ত্ৰালয়ে সদৰী কৰা অনুসৰি এই বছৰৰ এপ্ৰিল মাহত মুঠ ১,৫১,১৬২ কোটি টকাৰ জি এছ টি সংগ্ৰহ হৈছে। ১৬ শতাংশ বৃদ্ধিৰে বিগত বৰ্ষৰ এই একেটা মাহৰ তুলনাত জি এছ টি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে কেন্দ্ৰীয় চৰকাৰে। ২০২২ চনৰ এপ্ৰিল মাহত সংগৃহীত জি এছ টিৰ পৰিমাণ আছিল ১,২৯,৯৭৮ কোটি টকা। অসমে ১৫ শতাংশ বৃদ্ধিৰে জি এছ টি সংগ্ৰহ কৰাৰ বিপৰীতে ৰাষ্ট্ৰীয় বৃদ্ধিৰ হাৰ হৈছে ১৬ শতাংশ। অসমে ৰাষ্ট্ৰীয় হাৰৰ প্ৰায় সমানে সমানে জি এছ টি সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাটো নিতান্তই ইতিবাচক বতৰা । ইয়াৰ বিপৰীতে উত্তৰাখণ্ডই মাত্র ১৪ শতাংশ, ৰাজস্থানে ৫ শতাংশ, বিহাৰে ১১ শতাংশ, দিল্লীয়ে ৮ শতাংশ, পশ্চিমবংগই ১৪ শতাংশ, ওড়িষাই ৩ শতাংশ, গুজরাটে ৪ শতাংশ, কেবালাই ১২ শতাংশ, তেলেংগানাই ১০ শতাংশ, অস্ত্র প্রদেশে ও শতাংশ বৃদ্ধিৰে জি এছ টি সংগ্ৰহ কৰে। জি এছ টি সংগ্ৰহৰ বৃদ্ধিৰ হাৰে অসমৰ বাবে উন্নয়নৰ নতুন বতৰা কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত ছিকিমে ৬১ শতাংশ বৃদ্ধিৰে জি এছ টি সংগ্ৰহ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *