শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পিছত হঠাৎ সলনি ১৪টা বিষয়ৰ পাঠ্যক্ৰম

শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পিছত হঠাৎ সলনি ১৪টা বিষয়ৰ পাঠ্যক্ৰম

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ হঠকাৰী সিদ্ধান্ত

. শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পিছত হঠাৎ সলনি ১৪টা বিষয়ৰ 

শিক্ষাবর্ষ আৰম্ভ হোৱাৰ লগে লগে বিদ্যালয়সমূহত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এক আশ্চৰ্যকৰ জাননী জাৰি কৰিছে। ইতিমধ্যে শিক্ষাবর্ষ আৰম্ভ হোৱাৰ এমাহ অতিক্ৰম কৰিছে। এনে Accept মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ পাঠ্যক্ৰম সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

 যোৱা ২৭ এপ্ৰিলত শিক্ষা সংসদৰ সচিবে এএইচএছইচি/এচিএ/চিআইআৰ/১৪৪/১৯/৪৩০ নং এটা জাননীৰ জৰিয়তে মুঠ ১৪ বিষয়ৰ পাঠ্যক্ৰম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শিক্ষার্থী-শিক্ষক আৰু অভিভাৱকসকলক বিবুধিত পেলাই শিক্ষা সংসদে জাৰি কৰা এই জাননীৰ জৰিয়তে সলনি কৰা হৈছে পদার্থ বিজ্ঞান, ৰয়াসন বিজ্ঞান, গণিত, জীৱ বিজ্ঞান, ব্যবসায় অধ্যয়ন, সমাজতত্ত্ব, মনোবিজ্ঞান, বিকল্প ইংৰাজী, ভূগোল, ৰাজনীতি বিজ্ঞান, ফাইনেঞ্চ, অর্থনীতি বিজ্ঞান, একাউনটেঞ্চী আৰু নৃতত্ত্বৰ পাঠ্যক্ৰম। অৱশ্যে বিকল্প ইংৰাজী, নৃতত্ত্ব আৰু ফাইনেঞ্চ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষতহে সলনি কৰা হ’ব। বাকী ১১ বিষয়ৰ পাঠ্যক্ৰম একাদশ আৰু দ্বাদশ দুয়োটা বৰ্ষতে সলনি কৰা হ’ব। শিক্ষা সংসদৰ সচিবে জাৰি কৰা এই নিৰ্দেশনাৰ প্ৰতিলিপি ইতিমধ্যে প্ৰেৰণ কৰা হৈছে সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলক। পৰিতাপৰ বিষয়টো হ’ল যে নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ এমাহ উকলি যোৱাৰ পিছত হঠাৎ খৰখেদাকৈ কি কাৰণত পাঠ্যক্ৰম মাধ্যমিক শিক্ষা সংসদে সলনি কৰিব বিচাৰিছে তাক লৈ একপ্ৰকাৰ হাইৰাণ হৈছে শিক্ষার্থী- শিক্ষক আৰু অভিভাৱকসকল। একপ্ৰকাৰ শিক্ষাৰ্থীৰ শৈক্ষিক দিনক লৈ হেতালি খেলা বুলিও মাধ্যমিক শিক্ষা সংসদৰ বিৰুদ্ধে অভিযোগ উঠিছে। এক এপ্ৰিলৰ পৰা পৰৱৰ্তী বৰ্ষৰ ৩১ মাৰ্চলৈ চলিবলগীয়া এই শিক্ষাবর্ষ আৰম্ভ হোৱাৰ পূৰ্বেই পাঠ্যক্ৰমৰ সলনিৰ সিদ্ধান্ত কিয় গ্ৰহণ কৰা নহ’ল তাক লৈ উঠিছে প্রশ্ন। ইয়াৰ বিপৰীতে নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ ২৭ দিন পিছত শিক্ষা সংসদে ছাত্র-ছাত্রীক একপ্ৰকাৰ সংকটত পেলাই গ্ৰহণ কৰা এই সিদ্ধান্তক লৈ ক্ষুব্ধ হৈ পৰিছে অভিভাৱকসকল। ইয়াৰ বিপৰীতে মাধ্যমিক শিক্ষা সংসদৰ সুত্ৰে প্ৰকাশ কৰা অনুসৰি ১৪টা বিষয়ৰ পাঠ্যক্ৰম সলনি সন্দৰ্ভত যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, সেয়া ছাত্ৰ-ছাত্ৰীৰ সুবিধাহে হ’ব। মাতুনকৈ অন্তৰ্ভুক্ত কৰিব লগা বিষয়সমূহ বর্তমান শিক্ষার্থীৰ বাবে অত্যন্ত আৱশ্যকীয় আৰু পেছাগত পাঠ্যক্ৰমৰ এই বিষয়সমূহে যথেষ্ট সহায় কৰিব। মাধ্যমিক শিক্ষা সংসদৰ এনে যুক্তিৰ পিছতো হঠাৎ পাঠ্যক্ৰম সলনিৰ সিদ্ধান্তই শিক্ষাৰ্থীৰ মাজত সৃষ্টি কৰিছে জটিলতা। ইয়াৰ বিপৰীতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা নকৰাৰ বাবে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পাঠদান আৰম্ভ হোৱা নাই। এনে অৱস্থাত সলনি হ’ব লগা নতুন পাঠ্যক্রমে ছাত্র-ছাত্রীক সমস্যাত নেপেলায় বুলিও শিক্ষা সংসদে স্পষ্ট কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *