ব্ৰইলাৰ মুৰ্গীৰ প্ৰতি কেজিত ৪০০ টকালৈ দামবৃদ্ধি

বৰপেটা, সৰভোগ, চিৰাঙৰ বিজনীত হঠাতে হোৰাহোৰে বাঢ়িছে ব্ৰইলাৰ মুৰ্গীৰ মাংসৰ দাম। বিজনীত ব্ৰইলাৰ মুৰ্গীৰ মাংসৰ খুচৰা বজাৰত হঠাতে কিলোগ্ৰামত ১৫০ টকাকৈ বৃদ্ধি পাইছে দাম। এসপ্তাহ পূৰ্বে বিজনী বজাৰত প্রতি কিলোগ্রাম | ব্ৰইলাৰ মুৰ্গীৰ মাংসৰ দাম আছিল ২৫০ টকাৰ পৰা ২৬০ টকা। কিন্তু আজিৰ তাৰিখত প্রতি কিলোগ্রাম ব্ৰইলাৰ মুৰ্গীৰ মাংস বিক্ৰী হৈ আছে ৪০০ টকাকৈ। ফলত বজাৰত ব্ৰইলাৰ মুৰ্গীৰ মাংস ক্ৰয় কৰা গ্ৰাহকৰ সংখ্যা কমি অহাৰ বাবে ভীষণ লোকচানৰ সন্মুখীন হৈছে ব্ৰইলাৰ মুৰ্গীৰ খুচৰা বিক্রেতাসকল।

ব্ৰইলাৰ মুৰ্গীৰ মাংসৰ খুচৰা বজাৰত হঠাতে কিলোগ্ৰামত ১৫০ টকাকৈ বৃদ্ধি পাইছে দাম

দাম বৃদ্ধিৰ পূৰ্বে একোজন খুচুৰা বিক্রেতাই দৈনিক ৬০/৭০ কিলোগ্রাম ব্ৰইলাৰ মুৰ্গীৰ মাংস বিক্ৰী কৰিছিল। এতিয়া দৈনিক মাত্র ৩০/৪০ কিলোগ্রামহে বিক্ৰী কৰিবলগীয়া হৈছে বুচুৰা বিক্রেতাসকলে। ইফালে এক বিশেষ সূত্রই অভিযোগ কৰা অনুযায়ী নিশাৰ ভাগত পশ্চিমবংগৰ পৰা বিলাসী বাহনেৰে এচাম অসাধু ব্যৱসায়ীয়ে এই লাৰ মুৰ্গী বিজনীলৈ সৰবৰাহ কৰি থকাৰ পৰিপ্ৰেক্ষিতত বজাৰত হঠাতে বাঢ়িছে ব্ৰইলাৰ মুৰ্গীৰ মাংসৰ দাম। দৰাচলতে পশ্চিমবংগৰ পৰা অসমলৈ ব্ৰইলাৰ মুৰ্গী সৰবৰাহ বন্ধ হোৱা বাবেই ব্ৰইলাৰ মুৰ্গীৰ মাংসৰ দামবৃদ্ধি হৈছে। নে কোনোবা ছিণ্ডিকেট চক্ৰৰ বাবেই হঠাতে অভাৱনীয়ভাৱে বৃদ্ধি হৈছে ব্ৰইলাৰ মুৰ্গীৰ মাংসৰ দাম? আজিৰ তাৰিখত এই প্রশ্নই ৰাইজক বিভ্ৰান্ত কৰিছে

Leave a Reply

Your email address will not be published. Required fields are marked *