আজি আনুষ্ঠানিকভাৱে আন ১৫ খন দেশৰো সম্রাট হ’ব চাৰ্লছ তৃতীয়

কাইলৈ সম্রাট চাৰ্লছৰ ৰাজ অভিষেক অনুষ্ঠান অনুষ্ঠিত হ’ব। কিন্তু উক্ত দিনত ব্ৰিটেইনৰ লগতে আন কে’বাখনো দেশৰ সম্ৰাটৰ দায়িত্ব লাভ কৰিব তৃতীয় চাৰ্লছে। কমনৱেলথ ব্যৱস্থা অনুসৰি, বিশ্বৰ আন ১৫ খন দেশৰো সম্রাট হ’ব তৃতীয় চাৰ্লছ। এইসমূহ দেশ এসময়ত ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা বিৱৰ্তিত হৈ আপাতত কমনৱেলথ ৰাষ্ট্ৰ হিচাপে পৰিচিত হৈছিল।

সম্পূর্ণ স্বাধীন এই দেশসমূহে এজন ৰজাকে ৰাষ্ট্ৰৰ মুৰব্বী হিচাপে মান্যতা দি আহিছে। এই ১৫ খন দেশৰ সাংবিধানিক মূৰব্বী যিদৰে আছে, একেদৰে সম্পূৰ্ণ প্ৰজাতন্ত্ৰও আছে। সম্রাট চালছে এই দেশসমূহৰো মূলতঃ আনুষ্ঠানিক মুৰব্বীৰ দায়িত্ব পালন কৰিব। চালছে সম্রাট হিচাপে কাৰ্যনিৰ্বাহ কৰিবলগা দেশৰ তালিকাত আছে এন্টিগা এণ্ড বার্বুডা, অষ্ট্ৰেলিয়া, বাহামাছ, বেলিজ, কানাডা, গ্রেনাডা, জামাইকা, নিউজিলেণ্ড, পাপুৱা নিউগিনি দ্বীপপুঞ্জ, ছেণ্ট কিটছ এণ্ড নেভিছ, ছেণ্ট লুচিয়া, ছেণ্ট ভিনচেণ্ট এণ্ড গ্রেনাডাইনছ, ছ’লেমন দ্বীপপুঞ্জ, টুভালো আৰু ব্ৰিটিছ যুক্তৰাষ্ট্ৰ

Leave a Reply

Your email address will not be published. Required fields are marked *