শিশু বলাৎকাৰী নৰপিশাচ গুলীবিদ্ধ

মাৰ্ঘেৰিটাত বাৰ বছৰীয়া কন্যা শিশুক বলাৎকাৰৰ পাছত হত্যা কৰি লুকুৱাই থৈছিল শৌচাগাৰৰ টেংকিত

সভ্য সমাজক জোকাৰি যোৱা নাৰকীয় কাণ্ড

শিশু বলাৎকাৰী নৰপিশাচ গুলীবিদ্ধ

পলাতক আনন্দ তাঁতীক অৰুণাচলৰ দেউমালীৰ পৰা গ্ৰেপ্তাৰ

■ মাৰ্ঘেৰিটালৈ অনাৰ পথত নিৰাপত্তাৰ বেহু ভেদি পলায়ন কৰোঁতেই আৰক্ষীৰ গুলীচালনা, সোঁভৰিত গুলীবিদ্ধ হৈ চিকিৎসাধীন

শিশু বলাৎকাৰী নৰপিশাচ গুলীবিদ্ধ

অসুৰৰূপী মানৱৰ হাতত পুনৰ ভূলুণ্ঠিত হ’ল মানবতা। এটি কন্যা শিশুক বলাৎকাৰৰ পাছত হত্যা কৰি ঘটনা গাপ দিবলৈ লুকুৱাই ৰাখিলে শৌচাগাৰৰ টেংকিত। এই জঘন্য ঘটনা সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ জয়ানগৰত। উল্লেখযোগ্য যে মাৰ্ঘেৰিটাৰ ব্লক তিনিআলিত আয়োজন কৰা উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চ বিহু উপভোগ কৰি চেগুনবাৰীৰ এগৰাকী মহিলাই নিজৰ ১২ বছৰীয়া কন্যাৰ সৈতে ২ মে’ৰ পুৱতি নিশা মাৰ্ঘেৰিটা পৌৰসভাৰএক নং ৱাৰ্ডৰ ব্লক তিনিআলিৰ আনন্দ তাঁতী (৩৬) নামৰ এজন ব্যক্তিৰ ঘৰত চিনাকি সূত্রে আশ্রয় গ্রহণ কৰিছিল। পুৱা সোনকালে উঠি নিজৰ ঘৰলৈ গুচি যায় যদিও কন্যা শুই থকাৰ বাবে পাছত লৈ যাব বুলি এৰি যায়। আনহাতে, বনকৰা মহিলা হিচাপে থকা আনন্দ তাঁতীৰ পত্নীয়েও কামলৈ ওলাই যায়। সেই সুযোগতে নিদ্ৰাৰত অৱস্থাত থকা শিশুটিক বলাৎকাৰ কৰি হত্যা কৰা বুলি সন্দেহ কৰা হৈছে। ইফালে, শিশুটিৰ মাতৃয়ে কামৰ পৰা আহি কন্যাৰ কথা সোধাত আনন্দ তাঁতীয়ে ঘৰলৈ পঠাই দিয়া বুলি ক উল্লেখ কৰে । আনকি ঘৰলৈ গৈ কন্যাক নেদেখি মাতৃ আচৰিত হৈ বিচাৰ-খোঁচাৰ কৰে। বহু বিচাৰ- খোঁচাৰ কৰিও কন্যাৰ সন্ধান লাভ নকৰাত ৩ মে’ৰ বিয়লি ২ বজাত ৰ মাৰ্ঘেৰিটা থানাত এখন এজাহাৰ দাখিল কৰে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে আনন্দ ৰি তাঁতী আৰু পত্নীক সোধা-পোছা কৰাত শিশুটিক ঘৰলৈ পঠিয়াই দিয়া বুলি স্বীকাৰোক্তি ত দিয়ে। কিন্তু আৰক্ষীৰ সন্দেহ হোৱাত সন্ধিয়া পুনৰ আনন্দ তাঁতীৰ পত্নীক আটক কৰি সোধা-পোছা কৰাত ভুল তথ্য দিয়া বুলি স্বামীয়েই শিশুটিক বলাৎকাৰৰ পাছত হত্যা কৰি কম্বলেৰে মেৰিয়াই নি শৌচাগাৰৰ টেংকিত লুকুৱাই ৰখা বুলি কয়। অৱশ্যে আৰক্ষী অহাৰ উমান পাই হত্যাকাৰী আনন্দ তাঁতীয়ে পলায়ন কৰে। আনহাতে, যিটো শৌচাগাৰৰ টেংকিত লুকুৱাই ৰখা বুলি কৈছিল সেই টেংকিৰ পৰা স্থানীয় ৰাইজৰ উপস্থিতিত আৰক্ষীয়ে মৃত শিশুটিক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে অভিযুক্তৰ ঘৰত উত্তেজিত একাংশ লোকে আক্ৰমণ কৰি কিছু সা-সামগ্ৰীৰ ক্ষতি কৰে। মাৰ্ঘেৰিটাৰ আৰক্ষীয়ে নিশা ঘৰটোৰ সুৰক্ষাৰ বাবে নিৰাপত্তা দিব লগা হয়। আনহাতে কন্যা শিশুটিক বলাৎকাৰ কৰি হত্যাৰ ঘটনাত জড়িত নৰপিশাচৰূপী আনন তাঁতীক আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ দেউমালীত আগে গ্রেপ্তাৰ কৰে। তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা এটা দলে আনন্দ বা তাঁতীক গ্ৰেপ্তাৰ কৰে। দলটোত অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কার্যালয়) বিভাষ জি পাস, মাৰ্ঘেৰিটাৰ মহকুমা আৰক্ষী বিষয়া হেমন্ত বড়ো আছিল। ইফালে গ্ৰেপ্তাৰ কৰি কা অনাৰ সময়ত আনন তাঁতীয়ে আৰক্ষীৰ কবলৰ পৰা পলাবলৈ বিচৰাত আৰক্ষীয়ে গত গুলীচালনা কৰিবলগীয়া হয়। গুলীচালনাত সোঁভৰিত গুলী লাগি তাঁতী গুৰুতৰভাৱে ৰ। আহত হয়। পাছত আহত তাঁতীক সমীপবর্তী এখন হস্পিটেলত ভৰ্তি কৰোৱাৰ পাছত উন্নত চিকিৎসাৰ বাবে মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়

Leave a Reply

Your email address will not be published. Required fields are marked *