এবছৰত ভাৰতত ১৮ শতাংশ চাইবাৰ অপৰাধ বৃদ্ধি

প্রতাৰকে বিভিন্ন কৌশলৰে মানুহক চাইবাৰ অপৰাধৰ বৃহৎ জালত আবদ্ধ কৰিছে

এবছৰত ভাৰতত ১৮ শতাংশ চাইবাৰ অপৰাধ বৃদ্ধি

Assam News: ডিজিটেলাইজেছনৰ এই যুগত প্ৰতিদিনে চাইবাৰ অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে। প্ৰতাৰকে বিভিন্ন কৌশলৰে মানুহক চাইবাৰ অপৰাধৰ বৃহৎ জালত আবদ্ধ কৰিছে। চাইবাৰ অপৰাধ বিষয়ক এক প্ৰতিবেদনত ‘চেক পইণ্ট ৰিছাৰ্চ’-এ উল্লেখ কৰা অনুসৰি ভাৰতত সাপ্তাহিক চাইবাৰ অপৰাধৰ ঘটনা যোৱা বছৰৰ তুলনাত চলিত বৰ্ষৰ প্ৰথম ত্রিমাহেকত ১৮ শতাংশ বৃদ্ধি পালে। যোৱা বছৰৰ তুলনাত দেশৰ চাইবাৰ অপৰাধৰ ঘটনা উদ্বেগজনক হাৰত বৃদ্ধি পাইছে। একাংশ আগশাৰীৰ প্ৰতিষ্ঠানেও চাইবাৰ অপৰাধৰ অভিযোগ দাখিল কৰিছে। একেখন প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি যোৱা বছৰৰ তুলনাত চলিত বৰ্ষত সাপ্তাহিক চাইবাৰ অপৰাধৰ সংখ্যা সাত শতাংশ বৃদ্ধি পাইছে।

গোলকীয় পৰিসংখ্যা অনুসৰি, চলিত বৰ্ষৰ প্ৰথম ত্রিমাহেকত শিক্ষা আৰু গৱেষণা শিতানত সৰ্বাধিক সংখ্যক চাইবাৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। প্ৰতিটো সংস্থাতে সপ্তাহত গড়ে ২,৫০৭ টাকে চাইবাৰ আক্ৰমণৰ ঘটনা এই সময়ছোৱাত সংঘটিত হৈছিল।

যোৱা বছৰৰ তুলনাত চলিত বৰ্ষৰ প্ৰথম ত্ৰিমাহেকত দেশত চাইবাৰ অপৰাধৰ ঘটনা ১৫ শতাংশ বৃদ্ধি পালে। চাইবাৰ অপৰাধীয়ে এই সময়ছোৱাত চৰকাৰ আৰু সামৰিক খণ্ডত সৰ্বাধিক চাইবাৰ আক্ৰমণ সংঘটিত কৰিলে। বর্তমানে এই দুই খণ্ডত সপ্তাহত ১,৭২৫ টা চাইবাৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰু যোৱা বছৰৰ তুলনাত তিনি শতাংশ আক্রমণ বৃদ্ধি পাইছে। স্বাস্থ্য খণ্ড চাইবাৰ আক্ৰমণৰ ঘটনা ২২ শতাংশ অর্থাৎ সাপ্তাহিক পৰিসংখ্যাত ১৬৮৪ টা আক্রমণ সংঘটিত হৈছিল। ২০২৩ বৰ্ষৰ প্ৰথম ত্ৰিমাহেকত প্ৰতাৰকসকলে সৰ্বাধিক সংখ্যক চাইবাৰ আক্ৰমণ সংঘটিত কৰিলো৷ খুচুৰা আৰু পাইকাৰী খত।

Leave a Reply

Your email address will not be published. Required fields are marked *