Districts of Assam and their division, before and after the independence of India

Districts of Assam after and before independence

অসমৰ জিলাসমূহ আৰু ইয়াৰ বিভাজন (Districts of Assam and their division)

স্বাধীনতাৰ পূৰ্বে অসমৰ জিলাসমূ্হ ( The districts of Assam before independence)

ইংৰাজৰ আমোলতে অসমত জিলা গঠনৰ প্রক্রিয়া আৰম্ভ হয়। ইয়াৰ আগলৈকে অসমখন উজনি আৰু নামনি খণ্ড, এই দুভাগত ভাগ কৰি ইংৰাজে সমগ্ৰ অসমৰ শাসন পৰি- চালনা কৰিছিল। ১৮৩১ চনত কমিছনাৰ হিচাপে অসমলৈ অহা ৰবাৰ্টছনে অসমৰ ধনশিৰি নদীৰ পশ্চিম অংশ পাঁচখন জিলাত ভাগ কৰাৰ বাবে প্রস্তাব আগবঢ়ায় এনেদবে: (১) উত্তৰ-পূব ৰংপুৰ বা গোৱালপাৰা, (২) বৰ্তমানৰ বৰপেটা মহকুমা আৰু আৰু নগৰবেৰাৰ সৈতে গঠিত ছখন পৰগনা (মৌজাৰ নিচিনা ৰাজ্যৰ একোটা সৰু ভাগ), (৩) নামনি অসমৰ (কামৰূপ) বিছখন পৰগনা আৰু নখন দুৱাৰ (৪) মধ্য অসম (নদুবাৰ, ছয়দুৱাৰ, দৰং, নগাঁও আৰু বহা), (৫) বিশ্বনাথ (ভৰলী নদীৰ পৰা বিশ্বনাথ আৰু মৰং তথা কলিয়াবৰৰ পৰা ধনশিৰি নদীলৈ)। কামৰূপৰ পৰা ছখন পৰগনা ফালি পৃথক জিলা গঠনত অসুবিধা হোৱাত ইয়াক পুনৰায় কামৰূপৰ লগতে চামিল কৰা হয়। কম সময়ৰ ভিতৰতে জিলাকেইখন গোৱালপাৰা, কামৰূপ, দৰং আৰু নগাঁও (খাগৰিজান) নামেৰে জনাজাত হয়। 

১৮৩০ চনত কোনোধৰণৰ উত্তৰাধিকাৰী নথকাকৈ কছাৰী ৰজা গোবিন্দ চন্দ্ৰৰ মত্যু হয়। সেনাপতি তুলাৰামে এই অঞ্চল নিজৰ অধী- নত ৰাখিব বিচাৰিছিল যদিও ১৮৩২ চনৰ আগষ্ট মাহত ইংৰাজে তুলাৰামক ৫০ টকাৰ পেন্সন দি এই অঞ্চলক লৈ পৃথক কাছাৰ জিলা গঠন কৰে। ১৮৩৩ চনত সমগ্র কাছাৰ অঞ্চল ইংৰাজৰ অধীনলৈ আহে।

১৮৩৮ চনৰ অক্টোবৰ মাহত সেইসময়ৰ অসমৰ কমিছনাৰ জেনকিন্সৰ প্রস্তাৱ অনুসৰি উজনি অসম খণ্ড শাসনৰ সুবিধাৰ বাবে শিব- সাগৰ আৰু লখিমপুৰ নামে দুখন জিলা গঠন কৰা হয়।

ইফালে প্ৰশাসনৰ সুবিধাৰ বাবে গাৰো পাহাৰক প্ৰথমে কোচবিহাৰৰ লগত আৰু পাছত গোৱালপাৰা জিলাৰ লগত সংযোগ কৰা হৈছিল। ১৮৬৯ চনত গাৰো পাহাৰক গোৱালপাৰাৰ পৰা পৃথক কবি এখন নতুন জিলাৰূপে গঠন কৰা হয়। একেদৰে ১৮৬৬ চনত গঠন হয় নগা পাহাৰ জিলা। ১৮৭৪ চনত কাছাৰ আৰু শ্রীহট্ট বা ছিলেট জিলাক অসমৰ লগত চামিল কৰা হয়। তেতিয়াৰ পৰা এই ভূখণ্ড অসম উপত্যকা আৰু সুৰমা উপত্যকা নামে দুটা ভাগ কৰা হয়। লখিমপুৰ, শিৱসাগৰ, নগাঁও, দৰং, কামৰূপ আৰু গোৱালপাৰা, এই ছখন জিলাৰে সৈতে অসম উপত্যকা আৰু কাছাৰ, ছিলেট, এই দুখন জিলাৰে সৈতে সুৰমা উপত্যকা গঠন কৰা হয়। নগা পাহাৰ, গাৰো পাহাৰ আৰু খাছি জয়ন্তীয়া পাহাৰ, এই তিনিখন জিলাবে গঠিত হয় এটা পার্বত্য বিভাগ। এনেদৰে ১৮৭৪ চনত মুঠ ১১ খন জিলাৰে অসম প্রদেশ গঠন ‘কৰা হয়। প্রতিখন জিলাতে একোজন উপায়ুক্ত নিযুক্তি দিয়া হৈছিল। মুঠ ২২টা মহকুমাৰে গঠিত হৈছিল এই ২১খন জিলা। ইংখাজ প্রশাসনে ১৮৯৮ চনত লুচাই পাহাৰক অসমৰ লগত সংযুক্ত কৰি এখন নতুন জিলা গঠন কৰে। প্রশাসনীয় সুবিধাৰ বাবে কেইবাটাও নতুন মহকুমা গঠনৰ ফলত ১৯২০ চনত মহকুমাৰ সংখ্যা হয়গৈ ২৭ আৰু জিলাৰ সংখ্যা হয়গৈ ১২। (উৎসঃ Development of Adminis- tration in Assam: ML Bose)

এনেদৰে স্বাধীনতাৰ সময়লৈকে এই জিলা কেইখনেই কম-বেছি পৰিমাণে অসমৰ লগত সংযুক্ত হৈ থাকে।

স্বাধীনতাৰ পৰবৰ্তী সময়ত অসমৰ জিলা সমূহ ( The districts of Assam after independence)

স্বাধীনতাৰ পৰৱৰ্তী কালত অসমৰ ছিলেট জিলাৰ চাৰিভাগৰ তিনিভাগ এলেকা পূব পাকিস্তানৰ অংশ। হিচাপে  সংযুক্ত হয়। সেইখন জিলাৰো নাম হয় ছিলেট। । জিলাখনৰ বাকী থকা একচতুর্থাংশ এলেকা কাছাৰ জিলাৰ অন্তর্ভুক্ত হয়। অসমৰ সৈতে স্বাধীনতাৰ পাছতো নগা পাহাৰ, লুছাই পাহাৰ (মিজোৰাম), মিকিৰ পাহাৰ (কাব্বি আংলং আৰু খাছি পাহাৰৰ বৃহৎ এলেকা) আৰু উত্তৰ-পূব সীমান্ত এলেকা (যাক ‘নেফা’ বুলি জনা গৈছিল, বর্তমান অৰুণাচল প্রদেশ) সুকীয়া প্রশাসনীয় এলেকা ৰূপে অসমৰ সৈতে সংযুক্ত হৈ আছিল। কুৰি শতিকাৰ সত্তৰ আৰু আশীৰ দশকত নগা পাহাৰ জিলাই নাগালেণ্ডৰূপে (১৯৬৩), মিকিৰ পাহাৰ জিলাৰ এক বৃহৎ অংশৰ লগতে গোৱালপাৰা আৰু কামৰূপ জিলাৰ দক্ষিণৰ অংশ তথা এসময়ত গাৰো পাহাৰ জিলাৰূপে স্বীকৃত এলেকাই মেঘালয় ৰাজ্যৰূপে (১৯৭২), নেফা এলেকাই অৰুণাচলৰূপে (১৯৮৭), লুছাই পাহাৰ জিলাই মিজো- বামৰূপে (১৯৮৭) ৰাজ্যৰ মর্যাদা লাভ কৰে। এনে পৰিস্থিতিৰ মাজত ১৯৭২ চনত অসমৰ মুঠ জিলাৰ ১০ খন কৰি পূৰ্বৰ জিলাসমূহ পুনৰ গঠন কৰা হয়। পুনৰ গঠিত জিলাকেইখন হ’লঃ কামরূপ, গোৱালপাৰা, দৰং, নগাঁও, শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ, মিকিৰ পাহাৰ, উত্তৰ কাছাৰ আৰু কাছাৰ।

১৯৮৩ চনত হিতেশ্বৰ শইকীয়াৰ চৰকাৰে প্রশাসনীয় সুবিধাৰ বাবে অসমৰ কেইবাখনো জিলাৰ বিভাজন ঘটায়। ফলত অসমৰ জিলাৰ সংখ্যা হয়গৈ ১৬। সেইমতে গোৱালপাৰা জিলা বিভাজন কৰি গোৱালপাৰা, ধুবুৰী (১৯৮৩) সাক কোকৰাঝাৰ (১৯৮৩) এইতিনিখন জিলা গঠন কৰা হয়। কাছাৰ জিলাৰ পৰা কৰিমগঞ্জ জিলা (১৯৮৩), কামৰূপ জিলাৰ পৰী বৰপেটা জিলা (১৯৮৩), দৰং জিলাৰ পৰা শোণিতপুৰ (১৯৮৩), শিৱসাগৰ জিলাৰ পৰা যোৰহাট (১৯৮৩) জিলা গঠন কৰা হয়।

১৯৮৫ চনত অসম গণ পৰিষদ চৰকাৰবৰ দিনত কেইবাখনো নতুন জিলাৰ জন্ম হয়। সেইঅনুসৰি যোৰহাট জিলাৰ পৰা গোলাঘাট (১৯৮৭), গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ পৰা বঙাইগাঁও জিলা (১৯৮৯), কামৰূপ জিলাৰ পৰা নলবাৰী জিলা (১৯৮৫), লখিমপুৰৰ পৰা ধেমাজি (১৯৮৯), নগাঁৱৰ পৰা মৰিগাঁও (১৯৮৯), কাছাৰৰ পৰা হাইলাকান্দি (১৯৮৯) আৰু ডিব্ৰুগড় জিলাৰ পৰা তিনিচুকীয়া জিলা (১৯৮৯) সৃষ্টি কৰাত অসমত জিলাৰ সংখ্যা হয়গৈ ২৩। পৰৱর্তী কালত কামৰূপ জিলাৰপৰা কামৰূপ মহানগৰক (২০০৩) পৃথক জিলাৰ মর্যাদা দিয়াত অসমৰ মুঠ জিলাৰ সংখ্যা ২৪ লৈ বৃদ্ধি পায়। ২০০৩ চনত বিটিচি চুক্তিৰ চৰ্ত অনুযায়ী কোকৰাঝাৰ, বঙাইগাঁও জিলাৰ একাংশবে চিৰাং জিলা (২০০৩) আৰু নলবাৰী, বৰপেটা, কামৰূপ জিলাৰ একাংশবে বাগছা (২০০৩), দৰঙৰ পৰা ওদালগুৰি (২০০৪) নামৰ তিনিখন সুকীয়া জিলাৰ সৃষ্টির মুঠ জিলাৰ সংখ্যা কৰা হয়। ফলত অসমৰ ২৭ লৈ বৃদ্ধি পায়।

২০১৫ চনৰ ১৫ আগষ্টত অসম চৰকাৰে ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ ভৌগোলিক ভূখণ্ডক সামৰি দক্ষিণ শালমাৰা- মানকাচৰ জিলা, নগাঁও জিলাৰ হোজাই মহকুমা এলেকা সামৰি হোজাই জিলা, শোণিতপুৰ জিলাৰ পূর্বাঞ্চলক সামৰি বিশ্বনাথ জিলা, শিৱসাগৰ জিলাৰ চৰাইদেউ মহকুমাক সামৰি চৰাইদেউ দেউ জিলা আৰু কাৰ্বি আংলঙৰ হামৰেণ মহকুমাক সামৰি পশ্চিম কাৰ্বি আংলং জিলা ঘোষণা কৰে। এই জিলাকেইখনেৰে অসমৰ জিলাৰ সংখ্যা হয়গৈ ৩২।

পুনৰ ২০১৬ চনৰ ২৬ জানুৱাৰীত চৰকাৰে দুখন নতুন জিলা গঠনৰ কথা ঘোষণা কৰে। সেই জিলা দুখন হ’ল পূব কামৰূপ আৰু দক্ষিণ কামৰূপ। কিন্তু প্রয়োজনীয় আন্তঃগাথনিৰ অভাৱৰ বাবে সেই বহুববে (২০১৬) ৭ অক্টোবৰত চৰকাৰে এই দুখন জিলা গঠনৰ প্রস্তাব বাতিল কৰে।

ভৰতৰ প্ৰথম নদীদ্বীপ জিলা ( First river Island district of India)

২০১৬ চনৰ ২৭ জুনত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে যোৰহাট জিলাৰ মাজুলী মহকুমাক সুকীয়া পূর্ণাংগ জিলাৰূপে ঘোষণা কবে। সেই অনুসৰি ২০১৬ চনৰ ৮ ছেপ্টেম্বৰত মাজুলীক নতুন জিলাৰূপে উদ্বোধন কৰা হয়। উল্লেল্লখযোগ্য, মাজুলী হ’ল ভাৰতৰ প্ৰথম নদীদ্বীপ জিলা।

২০১৯ চনৰ ২১ ডিচেম্বৰত অসম চৰকাৰে বৰপেটা জিলাৰ বজালী মহকুমাক লৈ নতুন বজালী জিলা গঠনৰ সিদ্ধান্ত গ্রহণ কৰে। ২০২০ চনৰ ১০ আগষ্টত কেবিনেটে এই সিদ্ধান্তক অনুমোদন জনায়। ২০২১ চনৰ ১০ ফেব্ৰুৱাৰীত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আনুষ্ঠানিকভাবে বজালীক এখন পূর্ণ জিলা হিচাপে উদ্বোধন কৰে। এনেদৰে সংযোগ-বিভাজনৰ অন্তত বৰ্তমান অসমৰ জিলাৰ সংখ্যা ৩৪। একেদৰে ২০১৫ চনৰ পাছত অসমত গঠন হোৱা জিলাৰ ভিতৰত বজালী সপ্তমখন জিলা।

শেহতীয়াভাবে ২০২২ চনৰ ২৩ জানুৱাৰীত বাগছা জিলাৰ তামুলপুৰ মহকুমাক পূর্ণাংগ জিলাৰূপে গঠন কৰা হয়। ইয়াৰ লগে লগে অসমৰ জিলাৰ সংখ্যা হয়গৈ ৩৫। তামুলপুৰ বড়োলেও ক্ষেত্রীয় পৰিষদৰ অন্তর্গত পঞ্চমখন জিলা।

Read more information about Assam state of north east India: Assamnews.net

Leave a Reply

Your email address will not be published. Required fields are marked *