হেমকোষে গঢ়িলে গীনিজ ৱ’ৰ্ল্ড ৰেকৰ্ড

হেমকোষে গঢ়িলে গীনিজ ৱ’ৰ্ল্ড ৰেকৰ্ড …

অসমীয়া ভাষাৰ প্ৰাণস্বৰূপ, অসমীয়া ভাষাক সমৃদ্ধ কৰা অতিকৈ পুৰণি অভিযান ‘হেমকোষ‘ ৰ ব্ৰেইল সংস্কৰণে বিশ্বৰ সৰ্ববৃহৎ দ্বি-ভাষিক ব্ৰেইল অভিধান হিচাবে পৰিগণিত হৈ অভিলেখ গঢ়াৰ বাতৰি লাভ কৰি প্ৰতিগৰাকী অসমীয়াই আহ্লাদিত।

অসমীয়া ভাষা, সাহিত্যক হৃদয়েৰে আকোঁৱালি লোৱা প্ৰতিগৰাকী লোকৰ বাবে এয়া অতিকৈ গৌৰৱৰ বতৰা ৷ এই মাহেন্দ্ৰ ক্ষণত অসমীয়া ভাষা-সাহিত্যৰ এজন একনিষ্ঠ সেৱক, ‘অসমীয়া ভাষাৰ ওজা’, ‘হেমকোষ’ ৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱা দেৱক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ৷

এই শুভ মুহূৰ্তত সুদূৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰা ‘সাদিন-প্ৰতিদিন গোষ্ঠী‘ ৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক শ্ৰী জয়ন্ত বৰুৱা আৰু হেমকোষৰ ব্ৰেইল সংস্কৰণৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক আন্তৰিক অভিনন্দন জনাইছোঁ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *