How A R Rahman is singing with dead singers!

A R Rahman এ মৃত্যু হোৱা গায়কেৰে কেনেকৈ গান গোৱাইছে!

সঁচাই মৃত্যু হোৱা গায়কেৰে গান গোৱাব পাৰিনে?

কোনো ব্যক্তি যি আজি এই পৃথিৱীত নাই তেওঁৰ মাত ফিল্মৰ গানত হব পাৰে!

আহি থকা সময়ত যিসকল বিখ্যাত গায়ক কিশোৰ কুমাৰ, মহম্মদ ৰফি, কে কে আদি গায়কৰ মাত পুন শুনিবলৈ পোৱা যাব নেকি?

এই তামাম প্ৰশ্ন স্বাভাৱিক কাৰণ সুপাৰস্তৰ ৰজনীকান্তৰ ফিল্ম Lal Salam মুক্তিৰ আগত চৰ্চাত আহিছে। ইয়াৰ কাৰণ হৈছে ফিল্ম খনৰ অডিও মিউজিক। ফিল্ম খনৰ গানত মৃত গায়ক Bamba Bakya আৰু Shahul Hameed ৰ মাত শুনিবলৈ পোৱা গৈছে।

 এনেখেত্ৰত এই দুজন এনে গায়ক যি বৰ্তমান এই পৃথিৱীত নাই। আৰু ইয়াৰ পৰাই এই বিবাদৰ সূত্ৰপাত হয় যে সঁচাই মৃত্যু হোৱা গায়কৰ মাত গানত ব্যৱহাৰ কৰিব পৰা যায় নে?

বাম্বা বাক্যা আৰু সাহুল হামিদ

দ ৰাচলতে বিশ্ব বিখ্যাত মিউজিক কম্পজাৰ, তেখেতে আৰ্তিফিচিয়েল ইন্তেলিজেন্স (Artificial intelligence) ব্যৱহাৰ কৰি বাম্বা বাক্যা আৰু সাহুল হামিদ ৰ মাতৰ গীত ৰজনীকান্তৰ ফিল্ম লাল ছালাম ত ব্যৱহাৰ কৰিছে। এয়াই মূল কথা কাহানিৰ আঁৰত।

আৰম্ভণিত কোৱা হৈছিল যে ফিল্মৰ মিউজিক কম্পচাৰ এ আৰ ৰহমান এ বিনা অনুমতিত এই ফিল্ম ত AI ব্যৱহাৰ কৰি বাম্বা বাক্যা আৰু সাহুল হামিদ ৰ মাত ব্যৱহাৰ কৰিছে। 

যেতিয়া এই বিবাদ বাঢ়িল তেতিয়া ৰজনীকান্তৰ ফিল্ম লাল ছালাম ক লৈ ৰহমানে মুখ খুলিলে

কোনো ভুল পদ্ধতি ব্যৱহাৰ কৰি এই গান বনোৱা নাই। ৰহমানে আকৌ কলে ইয়াৰ কাৰণে বাম্বা বাক্যা আৰু সাহুল হামিদ ৰ পৰিয়ালৰ পৰা অনুমতি লোৱা হৈছে তাৰ কাৰণে তেওঁলোকৰ পৰিয়ালক আৰ্থিকভাৱে সাহায্য দিয়া হৈছে। যিহেতু তেওঁলোক এতিয়া এই পৃথিৱীত নাই সেয়ে তেওঁলোকৰ মাত বৰ্তমান প্ৰজন্মৰ লগত ৰিজাই AI ৰ সহায়ত তেওঁলোকৰ মাতেৰে গান বনোৱা হৈ গৈছে। 

এ আৰ ৰহমানে কৈছে technology বেয়া নহয় ইয়াক ভাল দিশে ব্যবহাৰ কৰিলে সেয়া বিকাশ হোৱা হব।

এই কথা জনাই থোৱা ভাল হব যে বামবা বাক্যা আৰু এ আৰ ৰহমানে বহু গানত একেলগে কাম কৰিছে। বাম্বা বাক্যাৰ হাৰ্ড ৰ ৰোষত 2022 চনত মৃত্যু হয়, আনহাতে শাহুল হামিদ 1997 চনত এক গাড়ী দুৰ্ঘটনাত মৃত্যু হয়।

     এই গানৰ কাৰণে ৰহমানে বহু কথা শুনিব লগা হয় ।  এতিয়া যেতিয়া জনসাধাৰনে সকলো কথা গম পাইছে A R Rahman ক শুভেচ্ছা জনাইছে আৰু কৈছে তেওঁ ভাৰতৰ সম্পদ। আপোনাৰ বাদে কোনেও এই কাম কৰিব নোৱাৰে।

লাল ছালাম (Lal Salam) ফিল্ম

Lal Salam, 9 ফেব্ৰুৱাৰীত মুক্তি পাব। এই ফিলমখন ৰজনীকান্তৰ জীয়ৰী এস্বৰিয়াই নিৰ্দেশ আৰু পৰিচালনা কৰিছে। এইখন এখন sports, action, drama বিষয়ক ফিল্ম।

এইটো কিমান আচৰিত হব যেতিয়া আমাৰ মাজত নোহোৱা গায়ক বোৰ যেনে কিশোৰ কুমাৰ, লতা মঙ্গেশকাৰ, মহম্মদ ৰফি, বৰ্তমান সময়ত কে কে ৰ গান আমি Artificial Intelligent ৰ জৰিয়তে শুনিব পাৰিম। আপুনি কেতিয়াবা সুনিছেনে AI ব্যৱহাৰ কৰি গান শুনি, কমেণ্টত জনাব।

Leave a Reply

Your email address will not be published. Required fields are marked *