আইপিএলৰ জুৱা বঙাইগাঁৱত  গ্ৰেপ্তাৰ মাষ্টাৰমাইণ্ড IPL

আৰক্ষীৰ জালত দক্ষিণ শালমাৰা-মানকাচাৰৰ ৭ আইপিএল জুৱাৰী

আইপিএলৰ জুৱা : বঙাইগাঁৱত  গ্ৰেপ্তাৰ মাষ্টাৰমাইণ্ড IPL

Assam News, ২ মে : আই পি এল জুৱাৰ মাষ্টাৰমাই ও তথা বঙাইগাঁও সদৰ চহৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী সুৰেন্দ্ৰ জৈনক কালি কালি নিশা গ্ৰেপ্তাৰ কৰে। সুৰে নিশা গ্রেপ্তাৰ কৰে বঙাইগাঁও আৰক্ষীয়ে। চহৰখনৰ শিৱম নগৰস্থিত তেওঁৰ বাসভৱনৰ পৰা আৰক্ষীয়ে সুৰেন্দ্ৰ ৰ পৰিত্ৰ জৈনে সমগ্ৰ নামনি অসমৰ দৰ্ভত আজি বিভিন্ন প্রান্তত বুকী নিয়োগ কৰি মোবাইল এপৰ জৰিয়তে দীৰ্ঘদিন ধৰি চলাই গৈছিল।

আই পি এল জুৱা: আৰক্ষীয়ে সুৰেন্দ্ৰ জৈনৰ বিৰুদ্ধে বঙাইগাঁও সদৰ থানাত গোচৰ ৰুজু কৰি তেওঁক আজি আদালতত হাজিৰ কৰা হয় ৷

আই পি এলৰ নামত জুৱা : দক্ষিণ শালমাৰা মানকাচৰত ৭ জনক গ্ৰেপ্তাৰ

আই পি এলক লৈ চলিছে জুৱা খেল। যোৱা নিশা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা আই পি এল আৰু তীৰ খেলৰ সাতজন জুৱাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জিলা সদৰ হাটশিঙিমাৰীৰ খাৰুৱা বান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হীৰেন বাংকরে গোপন খবৰৰ ভিত্তিত অভিযান চলাই ফেকামাৰীৰ পৰা মুক্তাদিৰ মণ্ডল (৩৫) নামৰ এজন আই পি এলৰ বুকী কৰায়ত্ত কৰাৰ লগতে মানুল্লাপাৰাৰ পৰা হজৰত আলী (৩৬) আৰু হাছেম আলী (৪৫) নামৰ দুজন তীর কাউন্টাৰৰ গৰাকীক কৰায়ত্ত কৰে। ধৃত আই পি এলৰ বুকী আৰু তীৰৰ জুৱাৰীকেইজনৰ পৰা নগদ ধন, মোবাইল আৰু তীৰ খেলত ব্যৱহৃত সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে। ইফালে মানকাচৰ থানাৰ আৰক্ষীয়ে অভিযান চলাই উক্ত থানা এলেকাৰ পুৱেৰ গাঁৱৰ পৰা সুমন শেখ (২৮) নামৰ এজন আই পি এলৰ বুকী কৰায়ত্ত কৰে। ইপিনে কালাপানী আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযান চলাই পিপুলবাৰীৰ পৰা আমিৰুল ইছলাম (৪০) নামৰ এজন াই পি এলৰ বুকী কৰায়ত্ত কৰে। একেদৰে দক্ষিণ শালমাৰা আৰু ফকিৰগঞ্জ থানাৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই সোনাপাৰা গাঁৱৰ ৰাজিবুল হক (৩০) আৰু বালাডোবা গাঁৱৰ আব্দুল ৰহিম (৩৮) নামৰ দুজন আই পি এলৰ বুকী তথা জুৱাৰীৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত জুৱাৰীকেইজনৰ পৰা জুৱা খেলত ব্যৱহৃত সামগ্ৰী আৰু মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে। পাছত আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰে বুলি আৰক্ষী সূত্রে জনা গৈছে। লক্ষণীয় বিষয় যে আৰক্ষীৰ চকুত ধূলি দি আই পি এলৰ নামত চলাই থকা আন আন বুকী তথা জুৱাৰীকেইজনৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আৰক্ষীৰ না অভিযান অব্যাহত থাকিলে অনতিপলমে জিলাখনৰ বহুকেইজন আই পি এলৰ বুকী তথা জুৱাৰী আৰক্ষীৰ জালত পৰাটো নিশ্চিত হৈ পৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *