কামৰূপ মহানগৰত হ্ৰাস পালে Covid আক্ৰান্তৰ সংখ্যা

Assam News: বুধবাৰেও কামৰূপ মহানগৰত হ্ৰাস পালে আক্ৰান্তৰ সংখ্যা, বিপৰীতে ৰাজ্যত Covid আক্ৰান্তৰ সংখ্যা উদ্বেগজনক।

গুৱাহাটী মহানগৰীৰ Covid পৰিস্থিতি

এই যোৱা ২৪ ঘণ্টাত প্ৰায় ১ লাখ ৩০ হাজাৰ লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ৩,৩৮৬ জন লোকৰ ফলাফল Covid positive আহে।

কামৰূপ মহানগৰ জিলাত বুধবাৰে Coronaত আক্ৰান্তৰ সংখ্যা হৈছে মাত্ৰ ১৫৮ জন ।  নিশ্চয়কৈ এয়া গুৱাহাটী মহানগৰীৰ বাবে শুভ সংবাদ।

ৰাজ্যত আজিও Covid-19ত আক্ৰান্ত ৩ সহস্ৰাধিক। বিগত ২৪ ঘণ্টাত প্ৰায় ১ লাখ ৩০ হাজাৰ লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ৩,৩৮৬ জন লোকৰ ফলাফল Covid positive আহে। দিনটোত আক্ৰান্তৰ হাৰ হৈছে ২.৬০ শতাংশ। বুধবাৰে মৃত্যু হয় ৩৬ জন লোকৰ। ৰাজ্যখনত সম্প্ৰতি আৰোগ্যৰ হাৰ হৈছে ৯০.৭০ শতাংশ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *