কেন্দ্ৰৰ সৈতে চলি থকা বিবাদত দিল্লী চৰকাৰৰ সপক্ষে ৰায় দিলে উচ্চতম ন্যায়ালয়ে।

দিল্লীৰ নিৰ্বাচিত চৰকাৰক কর্তৃত্ব দি উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

ৰায়ক আদৰণি জনাই মুখ্যমন্ত্রী কেজৰিৱালে ক’লৈ : গণতন্ত্ৰৰ জয়, চৰকাৰ ওফৰাবলৈ কৰা অভিযানত প্ৰচণ্ড চৰ

Assam News: কেন্দ্ৰৰ সৈতে চলি থকা বিবাদত দিল্লী চৰকাৰৰ সপক্ষে ৰায় দিলে উচ্চতম ন্যায়ালয়ে। ৰাষ্ট্রীয় ৰাজধানীখনত আমোলাতন্ত্রক কোনে নিয়ন্ত্ৰণ কৰে সেই বিষয়ত আজি উচ্চতম ন্যায়ালয়ে দিল্লী চৰকাৰৰ সপক্ষে সর্বসম্মত ৰায় দিয়ে। মুখ্য ন্যায়াধীশ ডি বাই চন্দ্রচূড়ৰ নেতৃত্বৰ

এখন পাঁচজনীয়া সাংবিধানিক পীঠে কয় যে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ (এন চিটি) বিধায়িনী ক্ষমতাৰ বাহিৰত পৰা ক্ষেত্ৰবোৰৰ বাদে সেৱাসমূহৰ – প্রশাসনের (এডমিনিস্ট্রেশান অব হার্ডিচেজ) আমোলাসকলৰ ওপৰত বিধান পালিকাৰ নিয়ন্ত্ৰণ আছে। ৰাজহুৱা শৃংখলা, আৰক্ষী আৰু ভূমি এই তিনিটা বিষয় দিল্লী চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰত। উল্লেখযোগ্য যে ক্ষমতার কেন্দ্র কৰি উপ-ৰাজ্যপাল আৰু আম আদমি পার্টিৰ চৰকাৰৰ মাজত দীঘলীয়া সংঘাত চলি আছিল আৰু চৰকাৰৰ কামত পদে পদে হস্তক্ষেপ কৰি উপ- ৰাজ্যপালে অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। এনে পৰিপ্ৰেক্ষিত আম আদমি পার্টিৰ চৰকাৰৰ বাবে আজিৰ উচ্চতম ন্যায়ালয়ৰ ৰায়টো অতি তাৎপর্যপূর্ণ। আমোলাসকলৰ ওপৰত নিৰ্বাচিত চৰকাৰ এখনৰ নিয়ন্ত্ৰণ ■ থকাটো প্রয়োজনীয় বুলি দৃঢ় মত প্ৰকাশ কৰি সাংবিধানিক পীঠখনে কয় যে কেন্দ্রীয়শাসিত অঞ্চল দিল্লীৰ অগতানুগতিক বা অনন্য চৰিত্ৰ আছে আৰু সেৱাসমূহৰ (ছার্ভিচেজ) বিষয়ত দিল্লী চৰকাৰৰ কোনো ক্ষমতা নাই বুলি ন্যায়াধীশ অশোক ভূষণে ২০১১ চনত দিয়া ৰায়টোৰ সৈতে একমত হ’বলৈ সাংবিধানিক বিচাৰপীঠখনে অস্বীকাৰ কৰে। কেন্দ্ৰ আৰু শিল্পী চৰকাৰৰ মাজৰ সেৱাসমূহত প্ৰশাসনিক নিয়ন্ত্ৰণৰ বিবদমান বিষয়টো সন্দৰ্ভত দিয়া ৰায়টোত উচ্চতম ন্যায়ালয়ে কয়, ‘কেন্দ্ৰৰ ক্ষমতাৰ অধিক সম্প্রসারণ স্প সংবিধানৰ ব্যৱস্থাসমূহৰ পৰিপন্থী হ’ব… দিল্লী আন ৰাজ্যসমূহৰ দৰে একে তপীঠখনে কয়, ‘সেৱাসমূহৰ ক্ষেত্ৰত দিল্লী চৰকাৰৰ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ না বিধায়িনী আৰু কাৰ্যপালিকৰ ক্ষমতা আছে… ৰাজহুৱা শৃংখলা, আৰক্ষী আৰু ভূমিৰ বাদে। উচ্চতম ন্যায়ালয়ৰ ৰায়টোক আদৰণি জনাই আপৰ মুৰব্বী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইয়াক ‘গণতন্ত্ৰৰ জয় বুলি অভিহিত কৰে আৰু তেওঁৰ দলটোৱে কয় যে সমগ্ৰ দেশৰ কৈ চৰকাৰবোৰক ওফৰাবলৈ চলোৱা অভিযানত এইটো এটা ‘প্রচণ্ড চৰ’। দিল্লীৰ জনসাধাৰণৰ প্ৰতি ন্যায় কৰাৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ প্ৰতি नट তেওঁৰ আন্তৰিক ধন্যবাদ প্ৰকাশ কৰে আৰু কয় যে উন্নয়নৰ গতি কেইবাগুণ বাঢ়িব। আপৰ ৰাজ্য সভাৰ সাংসদ ৰাঘৱ চান্ধাই ৰায়টোক যুগান্তকাৰী তাৰ বুলি অভিহিত কৰি কয় যে ই এটা কঠোৰ বাৰ্তা প্ৰেৰণ কৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *