ড্ৰাগছৰ বিৰুদ্ধে হাজোত মহিলাৰ উত্তাল প্ৰতিবাদ

হাজো আৰক্ষী থানাৰ অন্তৰ্গত দামপুৰত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিল শ শ মহিলা। দীৰ্ঘদিন ধৰি দামপুৰত ড্ৰাগছে ছানি ধৰাৰ অভিযোগ তুলি ড্ৰাগছ বিৰোধী প্রতিবাদী শ্ল’গানেৰে আজি হাজো দামপুৰৰ ৰাজপথ কঁপালে দামপুৰ মহিলা আত্মসহায়ক গোটৰ একাংশ মহিলাই। প্রতিবাদী মহিলাসকলৰ অভিযোগ, দীৰ্ঘদিন ধৰি দামপুৰৰ বিভিন্ন প্ৰান্তত মাৰাত্মক ড্ৰাগছৰ ক’লা বজাৰ বহিছে। ইয়াৰ সুযোগ লৈ এচামে চলাই গৈছে কোৰোণাৰে ধন ঘটাৰ অঘোষিত প্রতিযোগিতা । যাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ উঠি অহা এচাম যুৱক চিকাৰ হৈছে এই চক্ৰটোৰ। দামপুৰৰ পৰা ড্ৰাগছ সমুলঞ্চে নিৰ্মূল কৰাৰ বাবে হাতে হাতে প্লে’ কার্ড, বেনাৰ লৈ ওলাই আহিছে দামপুৰৰ একাংশ আই- মাতৃ । আনকি ড্ৰাগছ আসক্ত যুৱকৰ বাবেই চোৰ- ডকাইতৰ সংখ্যা বৃদ্ধি হোৱা বুলিও অভিযোগ কৰে মহিলাসকলে।

একাংশ মহিলাই ক্ষোভ প্রকাশ কৰি কয় ড্রাগছ আসক্তসকল এতিয়া নিজেই ৰোগী, নিজেই চিকিৎসক। স্থানীয় আৰক্ষীক এইক্ষেত্ৰত অধিক সজাগ হৈ বৃহত্তৰ দামপুৰ অঞ্চল ড্ৰাগছমুক্ত কৰিবলৈ আহ্বান জনায় মহিলাসকলে। এইক্ষেত্ৰত সম্পূর্ণ সহযোগিতা কৰি যাব বুলি মন্তব্য কৰে। আনহাতে, দামপুৰত বিভিন্নজনে পকী নলা-নর্দমা আবদ্ধ কৰি ৰখাৰ ফলত কৃত্রিম বানত বুৰ গৈছে দামপুৰৰ বিভিন্ন অঞ্চল। পৰিত্যক্ত অৱস্থাত থকা নলা-নর্দমা মোকলাই দিয়াৰ বাবে আজি এক প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে দামপুৰ মহিলা আত্মসহায়ক গোটৰ সদস্যাসকলে লগতে সংশ্লিষ্ট কৰ্তৃপক্ষক এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তদুপলক্ষে আজি দিনৰ ১১ বজাত দামপুৰ পঞ্চায়ত কাৰ্যালয় প্ৰাংগণৰ পৰা জানৰ পাবলৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে মহিলাসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *